“Amitu Horu Manuh” Song Lyrics | Kool-D & Krishi | Assamese Rap Song Lyrics

https://axomia-lyrics.blogspot.com/
Song Credits -
Song - Horu Manuh
Singer - Kuldeep Saikia
Mix mastered by : Notxofar
Music production : Krishi Music

About :

Xoru manuh is a new assamese rap song by Kul Deep Saikia. Kuldeep is an emerging rap artist from North Lakhimpur ,Assam. He is the youngest popular rap artist, which songs easilly touches anyone’s heart. He also gives his beautiful voice with “Zubeen Garg” in the song “O Jibon” .


Horu Manuh” Assamese Rap Song Lyrics


In Assamese -
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ
সৰু মানুহ  সৰু মানুহ

আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম
মিচা চালমাৰি নিদিও নিজক ফাকি
জেপত টকা নেথাকিলেও সপোন বহুত বাকি
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ
সৰু মানুহ  সৰু মানুহ

এন্ধাৰ ৰাতি পোহৰ বিলাম জলাই এটা চাকি
হেপাহতে উৰি আছো কলমতো মোৰ পাখি
পলম হব বাটত আৰু হব চাগে ৰাতি
জেপত টকা নেথাকিলেও সপোন বহুত বাকি
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ
সৰু মানুহ  সৰু মানুহ

ই হাঁহিছে দুখতে
হৈ চাগে পগলা
জাগিছে ভুকতে
ই মাগিছে শান্তি
পাঁহৰি কষ্ট হাঁহি তাৰ মুখতে
ই ভাগিছে বিষাদত
নিৰবে অকলে বহিছে চুকতে
ই ভাবিছে কথাবোৰ
নিৰূপাই পৰিছে নিজৰে ৰোষতে
তোৰো তো টকা নাই
তোকো লৈ কোনেও
মৰমৰ ছবিখন অকাঁ নাই
তোৰো তো টকা নাই
হব দে তাতে নো কি হল
একো তো কথা নাই
তোৰো তো টকা নাই
তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
তোৰো তো টকা নাই
যুঁজিছ ভিতৰত
কিয় মন খুলি তই বকা নাই
তোৰো তো টকা নাই
তোৰো তো টকা নাই
তোৰো তো টকা নাই

এ এ ...
 (ফঁটা গেঞ্জি তল ফালে হাফ পেন্ট
ফঁটা ভাগ্য লৈ বেলেগলৈ হাত মেল
সৰু মানুহ তই সৰু হৈ থাক
বৰ সপোন ৰচিবলৈ কিহৰ এই বাঘতেল) x 2
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ
সৰু মানুহ  সৰু মানুহ

শুদ্ধ পথত যুদ্ধ কৰিম
ৰুদ্ধ কৰে মাত কোনে
মনত বেছি চেকা হলে
ধৰিব তোৰ গাত কোনে
ধনত বেছি এঠা চাবি
লাগিব তোৰ লেঠা
জেপত টকা নেথাকালেও
সুখি আমি লাখ গুনে
সুখি আমি লাখ গুনে ....
তই মনতে ধনিনে ধনত
টকা পাই আবেগ ও বেচিলি কমত
তোৰ দূৰৰ পৰা ঘৰতো চমকে
ভিতৰত অশান্তি সুখবোৰ থমকে
ভালকে ভাবিবি কথাবোৰ
নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলে কথা
ভুকুতে কলতো নপকে
কিবাতো থাকিব অৰ্থ
নাইবাতো এনে সি বিটতে নবকে
সূখৰ সন্ধানত বিলাওতে
দক্ষিনা চাবি দেই থগিব গণকে
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম
মিচা চালমাৰি নিদিও নিজক ফাকি
জেপত টকা নেথাকিলেও সপোন বহুত বাকি
আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোন বিলাক আকিম

Also See The Latest Songs Lyrics -
https://axomia-lyrics.blogspot.com/search/label/Latest%20Collections

Post a Comment

0 Comments